Sunday, 16 March 2014
Thursday, 11 April 2013
Tuesday, 2 April 2013
আধুনিক অলিম্পিক
অগ্ৰণীসকল:
১৭ শতিকাত কেইবাটাও আধুনিক এথলেটিক্স
প্ৰতিযোগিতাৰ লগত অলিম্পিক শব্দটো পুনৰোত্থাপন কৰাৰ প্ৰচেষ্টা দেখা পোৱা যায়।
তাৰে ভিতৰ প্ৰথম হ’ল ‘কটসৱৰ্ল্ড গেমচ’ (Cotswold Games) বা ‘কটসৱৰ্ল্ড অলিম্পিক’, ই মূলত: ইংলেণ্ডৰ ছিপিং কেম্পডেনৰ(Chipping Campden) ওচৰত হোৱা গ্ৰাম্য ক্ৰীড়াৰ এক
বছৰেকীয়া খেল সমাৰোহ। ১৬১২ ৰ পৰা ১৬২৪ খ্ৰীষ্টাব্দৰ ভিতৰত ৰ’বাৰ্ট ড’ভাৰ নামৰ এজন উকীলে এই খেলৰ আৰম্ভনি কৰে আৰু ই চেগা চোৰোকাকৈ আজিলৈকে
চলি আছে। “ ব্ৰিটিছ অলিম্পিচ সংস্থাই" (British Olympic Association) ২০১২ চনত অলিম্পিক পাতিবৰ বাবে নিবিদা
দিওতে, এই সমাৰোহৰ কথা “ ব্ৰিটেইনৰ অলিম্পিকৰ আৰম্ভনিৰ প্ৰথম
উদ্দীপক বুলি” উল্লেখ কৰিছিল।
ফ্ৰান্সত, ১৭৯৬ ৰ পৰা ১৭৯৮ খ্ৰীষ্টাব্দত ফৰাছী বিপ্লৱৰ সময়ছোৱাত “লে’অলিম্পিয়াদে দে লা ৰিপাব্লিকে”(L'Olympiade de la République) নামেৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া
প্ৰতিযোগীতাখনত প্ৰাচীন অলিম্পিকক অনুসৰণ কৰা দেখা গৈছিল এই প্ৰতিযোগীতা খনত প্ৰাচীন গ্ৰীক অলিম্পিকৰ কেইবাটাও খেল
অন্তৰ্ভুক্ত কৰা হৈছিল। ১৭৯৬ চনত এই প্ৰতিযোগীতাতেই জোখমাখৰ বাবে পোন প্ৰথম “মেট্ৰিক প্ৰণালী” ৰ প্ৰয়োগ কৰা হৈছিল।
১৮৫০ চনত, ড° ৱিলিয়াম পেনি ব্ৰূকচে (William Penny Brookes) ইংলেণ্ডৰ শ্ৰপচশ্বায়াৰ (Shropshire) কাউণ্টীৰ 'মাচ্চ ৱেনলক'ত একধৰণৰ অলিম্পিক আয়োজন কৰে। ড° ব্ৰুকচে এই সমাৰোহক ১৮৫৯ চনত’ৱেনলক অলিম্পিক গেমচ’(Wenlock Olympian Games) বুলি নামাকৰণ কৰে। এই সমাৰোহ অজিলৈয়ো
চলি আছে ড° ব্ৰুকচে ১৮৬০ চনৰ ১৫ নৱেম্বৰত ‘ ৱেনলক অলিম্পক পৰিষদো’ প্ৰতিষ্ঠা কৰে।
১৮৬২ ৰ পৰা ১৮৬৭ চনৰ মাজৰ কালছোৱাত ইংলণ্ডৰ
লিভাৰপুলত এক অলিম্পিক মহোৎসৱৰ আয়োজন হৈছিল। জ’ন হালী (John
Hulley)আৰু
চাৰ্লচ মেলি(Charles
Melly)য়ে আয়োজন কৰা
এই ক্ৰীড়া সমাৰোহখনে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ‘অপেছাদাৰী চৰিত্ৰ’ আৰু
‘আন্তৰ্জাতিক দৃষ্টিভংগী’, ক্ৰীড়াৰ জগতখনলৈ আমদানী কৰে, যদিও ইয়াত কেৱল অপেছাদাৰী পুৰুষ
এথেলেট সকলেহে অংশগ্ৰহণ কৰিব পাৰিছিল।১৮৯৬ চনত এথেন্সত হোৱা প্ৰথম আদুনিক অলিম্পিক
আৰু এই লিভাৰপুল অলিম্পিকৰ কাৰ্যক্ৰমণিকা প্ৰায় একেধৰণৰ আছিল। ১৮৬৫ত হালী, ড° ব্ৰুকচ আৰু ই. জি. ৰেভেনষ্টেইনে, লিভাৰপুলত “ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ’ প্ৰতিষ্ঠা কৰে, যাক “ব্ৰিটিছ অলিম্পিক সংঘৰ” (British Olympic Association) অগ্ৰণী সংস্থা বুলি জনা যায়। ‘আন্তৰ্জাতিক অলিম্পিক চাৰ্টাৰ’ (International Olympic Charter) মূল কাথামো এই ‘ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ’ সংগঠন সূত্ৰ সমুহৰ ওপৰতে আধাৰিত। ১৮৬৬
চনত লণ্ডনৰ ক্ৰিষ্টেল পেলেচত(Crystal Palace) এক ‘ৰাষ্ট্ৰীয় অলিম্পিক গেমচ’ৰ আয়োজন কৰা হয়।
পুনৰুদ্ধাৰ:
১৮২১ চনত অট্ট'মান সাম্ৰাজ্যৰপৰা গ্ৰীক স্বাধীনতা যুদ্ধ আৰম্ভ হোৱাৰ সমসাময়িকভাৱে
গ্ৰীকসকলে অলিম্পিক খেল পুনৰুদ্ধাৰ কৰিবলৈ আগ্ৰহ দেখুৱায়। বাতৰি কাকতৰ সম্পাদক
তথা কবি পানাগিঅ'ছিছ চউৎচচে ১৮৩৩ চনত প্ৰকাশিত তেওঁৰ
কবিতা Dialogue of the
Dead-ৰ জড়িয়তে
প্ৰথমে এই প্ৰস্তাৱ আগবঢ়ায়। ইভানগেল' জাপ্পাছ নামৰ এজন ধনী গ্ৰীক-ৰোমানিয়ান জনহিতৈষীয়ে ১৮৫৬ চনত
পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকক স্থায়ীভাৱে পুনৰুদ্ধাৰ কৰিবলৈ অৰ্থসাহায্য দিয়াৰ
প্ৰস্তাৱ দি গ্ৰীছৰ ৰজা অট্ট'লৈ
পত্ৰ লিখে। ১৮৫৯ চনত এথেন্স চিটী স্কোৱাৰত অনুস্থিত হোৱা প্ৰথম অলিম্পিক খেল
জাপ্পাছে স্পনছৰ কৰে। গ্ৰীছ আৰু অট্ট'মান সাম্ৰাজ্যৰ এথলীটসকলে এই অলিম্পিকত অংশগ্ৰহণ কৰে। পেনএথেনিক
ষ্টেডিয়ামখনৰ পুনৰ্স্থাপনৰ কাৰণেও জাপ্পাছে অৰ্থসাহায্য আগবঢ়ায়, যাতে ভৱিষ্যতৰ অলিম্পিক খেলসমূহ এইখন
ষ্টেডিয়ামতে আয়োজন কৰিব পৰা যায়।
এইখন ষ্টেডিয়ামতে ১৮৭০ আৰু ১৮৭৫ চনতো অলিম্পিক
আয়োজিত হৈ যায়। ১৮৭০ চনত মুঠ ৩০,০০০ দৰ্শকে এই খেল উপভোগ কৰে, ১৮৭৫ চনৰ দৰ্শকৰ সংখ্যা সম্বন্ধে কোনো তথ্য পোৱা নাযায়। ১৮৯০ চনত
ৱেনলক অলিম্পিয়ান ছ'চাইটীৰ অলিম্পিয়ান গে'মছ উপভোগ কৰি বেৰন পিয়েৰি দ্য
কুবাৰটিনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC) গঠন কৰিবলৈ প্ৰেৰণা পায়। ব্ৰুকছ আৰু জাপ্পাছৰ ধাৰণা আৰু কৰ্মৰ ওপৰত ভিত্তি
কৰি কুবাৰটিনে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আন্তৰ্জাতিক অলিম্পিক গে'মছ অনুস্থিত কৰাৰ লক্ষ্য লয়।নৱ
প্ৰতিস্থাপিত আন্তৰ্জাতিক অলিম্পিক কমিটীৰ অলিম্পিক কংগ্ৰেছত তেওঁ এই ধাৰণাখিনি
উপস্থাপন কৰে। এই সভাখন ১৮৯৪ চনৰ ১৬ জুনৰপৰা ২৩ জুনলৈ পেৰিছৰ ছৰ্ব'ন বিশ্ববিদ্যালয়ত অনুস্থিত হৈছিল।
সভাৰ অন্তিম দিনাৰ সিদ্ধান্তমৰ্মে প্ৰথম আন্তৰ্জাতি অলিম্পিক খেল IOC-ৰ অধীনলৈ আহে আৰু ১৮৯৬ চনত এথেন্স চহৰত
প্ৰথম আন্তৰ্জাতিক অলিম্পিক খেল অনুস্থিত হয়। গ্ৰীক লিখক ডিমিট্ৰিয়াছ ভিকেলাছ IOC-ৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়।
১৮৯৬ চনৰ প্ৰথম আধুনিক অলিম্পিক:
![]() |
| পেনেথিনাক’ ষ্টেডিয়ামত হোৱা আৰম্ভণি অনুষ্ঠান |
১৮৯৬ খ্ৰীষ্টাব্দত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক
কমিটী (IOC)ৰ সৌজন্যত গ্ৰীচৰ এথেন্সৰ পেনেথিনাক’ ষ্টেডিয়ামত প্ৰথম আধুনিক অলিম্পিক
অনুষ্ঠিত হয়। ১৪খন দেশৰ ২৪১ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই ক্ৰীড়া মহোৎসৱত ৪৩ বিধ
প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভৱিষ্যতে অলিম্পিকৰ বাবে পূঁজি যোগান ধৰাৰ
উদ্দেশ্যেঝাপাছ আৰু তেঁওৰ ভাতৃ কন্টান্টিন’ছ ঝাপাছ নামৰ দুজন লোকে গ্ৰীচ চৰকাৰলৈ এটা বিত্তীয় নিধি এৰি গৈছিল।
মূলতঃ এই নিধিৰ পৰাই ১৮৯৬ চনৰ অলিম্পিকৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰা
হৈছিল। জৰ্জ এভাৰহ’ফ নামৰ এজন লোকে অলিম্পিকৰ প্ৰস্তুতি
আৰু ষ্টেডিয়াম পূনৰ্নিৰ্মাণৰ বাবে মুক্তহস্তে দান বৰঙণি আগবঢ়ায়। গ্ৰীচৰ চৰকাৰেও
অলপ অৰ্থমঞ্জুৰি দিয়ে, যিখিনি দৰ্শনী টিকট আৰু অলিম্পিক
স্মৃতি ডাক টিকট বিক্ৰীৰ যোগেৰে পুণৰোদ্ধাৰ হোৱাৰ সম্ভাৱনা আছিল।
প্ৰথম অলিম্পিক অনুষ্ঠিত কৰা গ্ৰীচৰ নাগৰিক আৰু
চৰকাৰী কৰ্মচাৰী সকলৰ বাবে অতি উৎসাহজনক অভিজ্ঞতা ৰূপে পৰিগণিত হৈছিল। বহুতো
এথলেটেও এই উৎসাহৰ সমভাগী হৈ, প্ৰত্যেক
বছৰেই এথেন্সতেই অলিম্পিক অনুষ্ঠিত কৰিব লাগে বুলি দাবী তোলে। কিন্তু আন্তৰ্জাতিক
অলিম্পিক সমিতিয়ে এই দাবী নামঞ্জুৰ কৰে। সমিতিয়ে নিৰ্ণয় লয় যে আধুনিক অলিম্পিক
প্ৰত্যেক বাৰেই বেলেগ বেলেগ দেশত অনুষ্ঠিত কৰা হব আৰু তাৰপাছতেই ১৯৯০ চনৰ
দ্বিত্বীয় অলিম্পিক পেৰিচত পতাৰ সিদ্ধান্ত লোৱা হয়।
(অসমীয়া ৱিকিপিডিয়াৰ পৰা)
Wednesday, 27 March 2013
ফাকুৱা উৎসৱ
ফাকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ
লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ৷ ফাকুৱাক দৌলোত্সৱ, ফল্গুত্সৱ, ফাগুৱা, ফাকু, মদনোত্সৱ আদি বিভিন্ন নামেৰে জনা
যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷
এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ
বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়৷ ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন
কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে৷
পৌৰাণিক আখ্যান
পোৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে৷ আখ্যান অনুসৰি
এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ
ব্ৰতত ব্ৰতী হৈছিল৷ কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যত বিলীন হৈ আছিল৷ তেওঁৰ
সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে
কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল৷ মহাদেৱৰ তপ ভংগ
হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে৷ তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ
ভস্মীভুত হয়৷ কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে৷
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ
প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলীকাক নিৰ্দেশ দিছিল৷ হোলীকাই নিজৰ শৰীৰৰ জুইৰে
প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল৷ হোলীকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব
পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে৷ প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত
অন্ততঃ এদিন মানুহে হোলীকাক স্মৰণ কৰিব৷ এই হোলীকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে
বুলিব পাৰি৷ সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলীকাক দাহ কৰা হয়৷
উৎসৱৰ বিৱৰণ
ভাৰতৰ বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা ৰাতি এটা
মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে৷ উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই
উৎসৱ এসপ্তাহৰ বাবে পালন কৰে৷ ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাকুগুৰি আৰু ফুলেৰে
সজাই তোলে৷
অসমৰ দৌল উৎসৱ
ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক
"ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়৷ বৰপেটাত দৌলোত্সৱ তিনিৰ
পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’ দ্বিতীয় দিনটোক ‘ভৰ দেউল’ আৰু তাৰ পাছৰ দিনা ‘সুঁৱেৰী’ বোলা হয়।
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত
হৈ থাকে৷ এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়৷ অসমত দৌল উৎসৱৰ পাতনি মেলে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল৷
দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা
দাস বুঢ়া আতাই ১৫১৮ শকত৷ সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত
দৌল উৎসৱ পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব
সমন্বয়ৰ উদাহৰণ হ'ল
বৰপেটাৰ দৌল উৎসৱ৷
(উৎস- অসমীয়া ৱিকিপিডিয়া)
Saturday, 23 March 2013
অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ
অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ
টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ সপ্তম বাৰ্ষিক অনুস্ঠান সেমেকা বতৰৰ মাজেৰে অনুস্ঠিত হয়। এই উপষ্ঠিত খেলুৱৈ, অতিথি আৰু অনান্যৰ তালিকা এনে ধৰণৰ:
স্ঠান-শালমাৰী দীঘলীয়া ক্ষুদ্ৰ গ্ৰাম্য
ক্ৰীড়াঙ্গন
দিনাংক- ইং ২২, ২৩ আৰু ২৪মাৰ্চ, ২০১৩ চন
মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ২৮খন
মুঠ
অংশ গ্ৰহণকাৰী খেলুৱৈ-৫৩০ গৰাকী
মুঠ
ইভেণ্ট- দলীয়-৮টা
ব্যক্তিগত-৩৮টা
মূখ্য অতিথি- ডা. নিৰ্মল চাহেৱালা, লেখক
শ্ৰীযুত প্ৰশান্ত বৰকাকতি, কৰ্মচাৰী সম্পৰ্কৰক্ষী
প্ৰবন্ধক, অইল
শ্ৰীযুত তৃদীপ হাজৰিকা, জন সম্পৰ্কৰক্ষী প্ৰবন্ধক, অইল
শ্ৰীযুত প্ৰমোদ দত্ত, সভাপতি, ডিব্ৰুগড় জিলা
সাহিত্য সভা
শ্ৰীযুত মুকুল কছাৰী, DRDA ডিব্ৰুগড়
Friday, 8 March 2013
Subscribe to:
Comments (Atom)













