শালমাৰী-দীঘলীয়া যুব সংঘ সততা, ঐক্য
আৰু প্ৰগতিৰ ভেটিত প্ৰতিষ্ঠিত আৰু সবল কৰ্মাদৰ্শৰ এক অনুষ্ঠান ৷ ১৯৮৭ চনত
শালমাৰী-দীঘলীয়াবাসীৰ বহু ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত জন্ম লাভ কৰেশালমাৰী-দীঘলীয়া
যুব সংঘ ৷ প্ৰতিষ্ঠাৰ সময়ৰেপৰা সংঘটোৱে শালমাৰী-দীঘলীয়া বৃহৎ অঞ্চলটোৰ সৰ্বাংগীন
উন্নয়নৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি, হস্তশিল্প, শিক্ষা, সাংস্কৃতিক,
বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰ, খেল-ধেমালি,
বৃক্ষ ৰূপন, বাট-পথ নিৰ্মাণ আদি আঁচনিৰে বিশাল
টিংখাং সমষ্টি তথা সমগ্ৰ ডিব্ৰুগড় জিলাতে প্ৰগতিৰ বীজ সিঁচি আজি (২০১৩ চনত) ৰূপালী
জয়ন্তী বৰ্ষত ভৰি দিছেহি৷ ৰূপালী জয়ন্তী এনেহেন মাহেন্দ্ৰ ক্ষণত বন্ধু-বান্ধৱ,
কৰ্ম- কৰ্তা আৰু শুভাকাংক্ষীলৈ সংঘৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা
জনালো ৷
No comments:
Post a Comment