Tuesday, 2 April 2013

আধুনিক অলিম্পিক



অগ্ৰণীসকল:

১৭ শতিকাত কেইবাটাও আধুনিক এথলেটিক্স প্ৰতিযোগিতাৰ লগত অলিম্পিক শব্দটো পুনৰোত্থাপন কৰাৰ প্ৰচেষ্টা দেখা পোৱা যায়। তাৰে ভিতৰ প্ৰথম হকটসৱৰ্ল্ড গেমচ’ (Cotswold Games) বা কটসৱৰ্ল্ড অলিম্পিক’, ই মূলত: ইংলেণ্ডৰ ছিপিং কেম্পডেনৰ(Chipping Campden) ওচৰত হোৱা গ্ৰাম্য ক্ৰীড়াৰ এক বছৰেকীয়া খেল সমাৰোহ। ১৬১২ ৰ পৰা ১৬২৪ খ্ৰীষ্টাব্দৰ ভিতৰত ৰবাৰ্ট ডভাৰ নামৰ এজন উকীলে এই খেলৰ আৰম্ভনি কৰে আৰু ই চেগা চোৰোকাকৈ আজিলৈকে চলি আছে। ব্ৰিটিছ অলিম্পিচ সংস্থাই" (British Olympic Association) ২০১২ চনত অলিম্পিক পাতিবৰ বাবে নিবিদা দিওতে, এই সমাৰোহৰ কথা ব্ৰিটেইনৰ অলিম্পিকৰ আৰম্ভনিৰ প্ৰথম উদ্দীপক বুলিউল্লেখ কৰিছিল।

ফ্ৰান্সত, ১৭৯৬ ৰ পৰা ১৭৯৮ খ্ৰীষ্টাব্দত ফৰাছী বিপ্লৱৰ সময়ছোৱাত লেঅলিম্পিয়াদে দে লা ৰিপাব্লিকে”(L'Olympiade de la République) নামেৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগীতাখনত প্ৰাচীন অলিম্পিকক অনুসৰণ কৰা দেখা গৈছিল  এই প্ৰতিযোগীতা খনত প্ৰাচীন গ্ৰীক অলিম্পিকৰ কেইবাটাও খেল অন্তৰ্ভুক্ত কৰা হৈছিল। ১৭৯৬ চনত এই প্ৰতিযোগীতাতেই জোখমাখৰ বাবে পোন প্ৰথম মেট্ৰিক প্ৰণালীৰ প্ৰয়োগ কৰা হৈছিল।
১৮৫০ চনত, ° ৱিলিয়াম পেনি ব্ৰূকচে (William Penny Brookes) ইংলেণ্ডৰ শ্ৰপচশ্বায়াৰ (Shropshire) কাউণ্টীৰ 'মাচ্চ ৱেনলক'ত একধৰণৰ অলিম্পিক আয়োজন কৰে। ড° ব্ৰুকচে এই সমাৰোহক ১৮৫৯ চনতৱেনলক অলিম্পিক গেমচ’(Wenlock Olympian Games) বুলি নামাকৰণ কৰে। এই সমাৰোহ অজিলৈয়ো চলি আছে ° ব্ৰুকচে ১৮৬০ চনৰ ১৫ নৱেম্বৰত ৱেনলক অলিম্পক পৰিষদোপ্ৰতিষ্ঠা কৰে।

১৮৬২ ৰ পৰা ১৮৬৭ চনৰ মাজৰ কালছোৱাত ইংলণ্ডৰ লিভাৰপুলত এক অলিম্পিক মহোৎসৱৰ আয়োজন হৈছিল। জন হালী (John Hulley)আৰু চাৰ্লচ মেলি(Charles Melly)য়ে আয়োজন কৰা এই ক্ৰীড়া সমাৰোহখনে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ অপেছাদাৰী চৰিত্ৰআৰু আন্তৰ্জাতিক দৃষ্টিভংগী’, ক্ৰীড়াৰ জগতখনলৈ আমদানী কৰে, যদিও ইয়াত কেৱল অপেছাদাৰী পুৰুষ এথেলেট সকলেহে অংশগ্ৰহণ কৰিব পাৰিছিল।১৮৯৬ চনত এথেন্সত হোৱা প্ৰথম আদুনিক অলিম্পিক আৰু এই লিভাৰপুল অলিম্পিকৰ কাৰ্যক্ৰমণিকা প্ৰায় একেধৰণৰ আছিল। ১৮৬৫ত হালী, ° ব্ৰুকচ আৰু ই. জি. ৰেভেনষ্টেইনে, লিভাৰপুলত ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰপ্ৰতিষ্ঠা কৰে, যাক ব্ৰিটিছ অলিম্পিক সংঘৰ” (British Olympic Association) অগ্ৰণী সংস্থা বুলি জনা যায়। আন্তৰ্জাতিক অলিম্পিক চাৰ্টাৰ’ (International Olympic Charter) মূল কাথামো এই ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰসংগঠন সূত্ৰ সমুহৰ ওপৰতে আধাৰিত। ১৮৬৬ চনত লণ্ডনৰ ক্ৰিষ্টেল পেলেচত(Crystal Palace) এক ৰাষ্ট্ৰীয় অলিম্পিক গেমচৰ আয়োজন কৰা হয়।

পুনৰুদ্ধাৰ:

১৮২১ চনত অট্ট'মান সাম্ৰাজ্যৰপৰা গ্ৰীক স্বাধীনতা যুদ্ধ আৰম্ভ হোৱাৰ সমসাময়িকভাৱে গ্ৰীকসকলে অলিম্পিক খেল পুনৰুদ্ধাৰ কৰিবলৈ আগ্ৰহ দেখুৱায়। বাতৰি কাকতৰ সম্পাদক তথা কবি পানাগিঅ'ছিছ চউৎচচে ১৮৩৩ চনত প্ৰকাশিত তেওঁৰ কবিতা Dialogue of the Dead-ৰ জড়িয়তে প্ৰথমে এই প্ৰস্তাৱ আগবঢ়ায়। ইভানগেল' জাপ্পাছ নামৰ এজন ধনী গ্ৰীক-ৰোমানিয়ান জনহিতৈষীয়ে ১৮৫৬ চনত পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকক স্থায়ীভাৱে পুনৰুদ্ধাৰ কৰিবলৈ অৰ্থসাহায্য দিয়াৰ প্ৰস্তাৱ দি গ্ৰীছৰ ৰজা অট্ট'লৈ পত্ৰ লিখে। ১৮৫৯ চনত এথেন্স চিটী স্কোৱাৰত অনুস্থিত হোৱা প্ৰথম অলিম্পিক খেল জাপ্পাছে স্পনছৰ কৰে। গ্ৰীছ আৰু অট্ট'মান সাম্ৰাজ্যৰ এথলীটসকলে এই অলিম্পিকত অংশগ্ৰহণ কৰে। পেনএথেনিক ষ্টেডিয়ামখনৰ পুনৰ্স্থাপনৰ কাৰণেও জাপ্পাছে অৰ্থসাহায্য আগবঢ়ায়, যাতে ভৱিষ্যতৰ অলিম্পিক খেলসমূহ এইখন ষ্টেডিয়ামতে আয়োজন কৰিব পৰা যায়।
এইখন ষ্টেডিয়ামতে ১৮৭০ আৰু ১৮৭৫ চনতো অলিম্পিক আয়োজিত হৈ যায়। ১৮৭০ চনত মুঠ ৩০,০০০ দৰ্শকে এই খেল উপভোগ কৰে, ১৮৭৫ চনৰ দৰ্শকৰ সংখ্যা সম্বন্ধে কোনো তথ্য পোৱা নাযায়। ১৮৯০ চনত ৱেনলক অলিম্পিয়ান ছ'চাইটীৰ অলিম্পিয়ান গে'মছ উপভোগ কৰি বেৰন পিয়েৰি দ্য কুবাৰটিনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC) গঠন কৰিবলৈ প্ৰেৰণা পায়। ব্ৰুকছ আৰু জাপ্পাছৰ ধাৰণা আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি কুবাৰটিনে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আন্তৰ্জাতিক অলিম্পিক গে'মছ অনুস্থিত কৰাৰ লক্ষ্য লয়।নৱ প্ৰতিস্থাপিত আন্তৰ্জাতিক অলিম্পিক কমিটীৰ অলিম্পিক কংগ্ৰেছত তেওঁ এই ধাৰণাখিনি উপস্থাপন কৰে। এই সভাখন ১৮৯৪ চনৰ ১৬ জুনৰপৰা ২৩ জুনলৈ পেৰিছৰ ছৰ্ব'ন বিশ্ববিদ্যালয়ত অনুস্থিত হৈছিল। সভাৰ অন্তিম দিনাৰ সিদ্ধান্তমৰ্মে প্ৰথম আন্তৰ্জাতি অলিম্পিক খেল IOC-ৰ অধীনলৈ আহে আৰু ১৮৯৬ চনত এথেন্স চহৰত প্ৰথম আন্তৰ্জাতিক অলিম্পিক খেল অনুস্থিত হয়। গ্ৰীক লিখক ডিমিট্ৰিয়াছ ভিকেলাছ IOC-ৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়।

১৮৯৬ চনৰ প্ৰথম আধুনিক অলিম্পিক:

পেনেথিনাক’ ষ্টেডিয়ামত হোৱা আৰম্ভণি অনুষ্ঠান
১৮৯৬ খ্ৰীষ্টাব্দত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (IOC)ৰ সৌজন্যত গ্ৰীচৰ এথেন্সৰ পেনেথিনাকষ্টেডিয়ামত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হয়। ১৪খন দেশৰ ২৪১ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই ক্ৰীড়া মহোৎসৱত ৪৩ বিধ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভৱি‍ষ্যতে অলিম্পিকৰ বাবে পূঁজি যোগান ধৰাৰ উদ্দেশ্যেঝাপাছ আৰু তেঁওৰ ভাতৃ কন্টান্টিনছ ঝাপাছ নামৰ দুজন লোকে গ্ৰীচ চৰকাৰলৈ এটা বিত্তীয় নিধি এৰি গৈছিল। মূলতঃ এই নিধিৰ পৰাই ১৮৯৬ চনৰ অলিম্পিকৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰা হৈছিল। জৰ্জ এভাৰহফ নামৰ এজন লোকে অলিম্পিকৰ প্ৰস্তুতি আৰু ষ্টেডিয়াম পূনৰ্নিৰ্মাণৰ বাবে মুক্তহস্তে দান বৰঙণি আগবঢ়ায়। গ্ৰীচৰ চৰকাৰেও অলপ অৰ্থমঞ্জুৰি দিয়ে, যিখিনি দৰ্শনী টিকট আৰু অলিম্পিক স্মৃতি ডাক টিকট বিক্ৰীৰ যোগেৰে পুণৰোদ্ধাৰ হোৱাৰ সম্ভাৱনা আছিল।

প্ৰথম অলিম্পিক অনুষ্ঠিত কৰা গ্ৰীচৰ নাগৰিক আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বাবে অতি উৎসাহজনক অভিজ্ঞতা ৰূপে পৰিগণিত হৈছিল। বহুতো এথলেটেও এই উৎসাহৰ সমভাগী হৈ, প্ৰত্যেক বছৰেই এথেন্সতেই অলিম্পিক অনুষ্ঠিত কৰিব লাগে বুলি দাবী তোলে। কিন্তু আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে এই দাবী নামঞ্জুৰ কৰে। সমিতিয়ে নিৰ্ণয় লয় যে আধুনিক অলিম্পিক প্ৰত্যেক বাৰেই বেলেগ বেলেগ দেশত অনুষ্ঠিত কৰা হব আৰু তাৰপাছতেই ১৯৯০ চনৰ দ্বিত্বীয় অলিম্পিক পেৰিচত পতাৰ সিদ্ধান্ত লোৱা হয়।

(অসমীয়া ৱিকিপিডিয়াৰ পৰা)

Wednesday, 27 March 2013

ফাকুৱা উৎসৱ


ফাকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ৷ ফাকুৱাক দৌলোত্‍সৱ, ফল্গুত্‍সৱ, ফাগুৱা, ফাকু, মদনোত্‍সৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়৷ ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে৷

পৌৰাণিক আখ্যান
পোৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে৷ আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল৷ কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যত বিলীন হৈ আছিল৷ তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল৷ মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে৷ তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়৷ কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে৷
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলীকাক নিৰ্দেশ দিছিল৷ হোলীকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল৷ হোলীকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে৷ প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলীকাক স্মৰণ কৰিব৷ এই হোলীকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি৷ সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলীকাক দাহ কৰা হয়৷

উৎসৱৰ বিৱৰণ
ভাৰতৰ বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে৷ উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে৷ ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাকুগুৰি আৰু ফুলেৰে সজাই তোলে৷

অসমৰ দৌল উৎসৱ
ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়৷ বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক গোন্ধযাত্ৰাদ্বিতীয় দিনটোক ভৰ দেউলআৰু তাৰ পাছৰ দিনা সুঁৱেৰীবোলা হয়।
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে৷ এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়৷ অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল৷ দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত৷ সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ৷

(উৎস- অসমীয়া ৱিকিপিডিয়া)

Saturday, 23 March 2013

অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

 টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ সপ্তম বাৰ্ষিক অনুস্ঠান সেমেকা বতৰৰ মাজেৰে অনুস্ঠিত হয়। এই উপষ্ঠিত খেলুৱৈ, অতিথি আৰু অনান্যৰ তালিকা এনে ধৰণৰ:

স্ঠান-শালমাৰী দীঘলীয়া ক্ষুদ্ৰ গ্ৰাম্য ক্ৰীড়াঙ্গন
    দিনাংক- ইং ২২, ২৩ আৰু ২৪মাৰ্চ, ২০১৩ চন
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ২৮খন
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ-৫৩০ গৰাকী
    মুঠ ইভেণ্ট-  দলীয়-৮টা
          ব্যক্তিগত-৩৮টা
মূখ্য অতিথি- ডা. নিৰ্মল চাহেৱালা,  লেখক
           শ্ৰীযুত প্ৰশান্ত বৰকাকতি, কৰ্মচাৰী সম্পৰ্কৰক্ষী প্ৰবন্ধক,  অইল
           শ্ৰীযুত তৃদীপ হাজৰিকা,  জন সম্পৰ্কৰক্ষী প্ৰবন্ধক, অইল
           শ্ৰীযুত প্ৰমোদ দত্ত, সভাপতি, ডিব্ৰুগড় জিলা সাহিত্য সভা
           শ্ৰীযুত মুকুল কছাৰী, DRDA ডিব্ৰুগড়








Friday, 8 March 2013

## ভলীবল প্ৰশিক্ষণ শিবিৰ ##


শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত অহা, ১০মাৰ্চ তাৰিখৰপৰা ১০ দিনীয়া ভলীবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে৷ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক সংঘৰ ক্ৰী‌ড়া বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনালো৷


Welcome to Tiongkhong Regional Rural Sports Meet (আমত্ৰণ)

page 1

page 2

page 3

page 4

Friday, 1 March 2013

প্ৰাচীন অলিম্পিক


প্ৰাচীন গ্ৰীচত গ্ৰীক দেৱতা জিউচ সন্মানাৰ্থে সেইসময়ৰ গ্ৰীচৰ চহৰ-প্ৰদেশ আৰু ৰাজ্যসমূহৰ অংশগ্ৰহণেৰে, অলিম্পিয়া (Olympia) নামে ঠাইত অনুষ্ঠিত কৰা এক ধৰ্মীয় তথা ক্ৰীড়া উৎসৱকে অলিম্পিক বুলি জনা যায়। এই উৎসৱত প্ৰধানকৈ এথেলেটিকচহে খেলা হৈছিল যদিও যুঁজ বাগৰ আৰু ৰথচালনা আদিৰ প্ৰতিযোগীতাও হৈছিল। সেই ক্ৰীড়া ত অংশ লোৱা চহৰ-প্ৰদেশ বিলাকৰ মাজৰ অভ্যন্তৰীণ যুদ্ধ বিগ্ৰহ খেল শেষ নোহোৱালৈকে স্থগিত ৰখা হৈছিল। প্ৰাচীন অলিম্পিকৰ আৰম্ভনি ৰহস্য আৰু লোককথাৰ কুঁৱলীৰে আবৃত। তেনে এক জনপ্ৰিয় লোককথাৰ মতে হাৰ্কিউলিচ আৰু তেঁওৰ পিতৃ জিউচ এই অলিম্পিকৰ জন্মদাতা। লোককথাটিৰ মতে হাৰ্কিউলিচেই এই খেল-উৎসৱৰ নাম অলিম্পিক" ৰাখে আৰু চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ পৰম্পৰাৰ অৰম্ভনি কৰে। হাৰ্কিউলিচে তেঁওৰ বাৰটা কঠিন কাম’(twelve labors) সম্পন্ন কৰি উঠাৰ পাছত জিউচৰ সন্মানাৰ্থে অলিম্পিক ষ্টেডিয়াম (Olympic Stadium)’ নিৰ্মান কৰে। এই কাম সম্পূৰ্ণ হোৱাৰ লগে হাৰ্কিউলিচে পোনে পোনে ২০০ খোজ আগবাঢ়ে আৰু অতিক্ৰম কৰা দুৰত্ব খিনিক এক ‍ষ্টেডিঅ’" (stadion)" বুলি নামাকৰণ কৰে, পিছলৈ এই ষ্টেডিঅন দুৰত্বৰ এক একক হিচাপে পৰিগণিত হয়। আন এটা লোককথাই এই খেল উৎসৱক প্ৰাচীন গ্ৰীচৰ অলিম্পিক যুদ্ধবিৰতিৰ ধাৰণাৰ লগত সন্বিবিষ্ট কৰিব খোজে। সি যি কি নহওক, অলিম্পকৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৭৭৬ ত হোৱা বুলি মানি লোৱা হয়;এই ধাৰণাৰ মূলতে অলিম্পিয়াত পোৱা এখন শিলালিপি যত খ্ৰীষ্টপূৰ্ব ৭৭৬ ত আৰম্ভ হৈ, প্ৰতি ৪ বছৰৰ মূৰে মূৰে অনুস্থিত হোৱা এক ভৰিদৌৰ প্ৰতিযোগিতাৰ বিজয়ী সকলৰ নাম খোদিত আছে। প্ৰাচীন অলিম্পিকত বিভিন্ন দৌৰ, পেণ্টাথলন (জাঁপ মৰা, ডিচকাচ, জেভেলিন, ভৰি-দৌৰ আৰু মল্লযুদ্ধ), মুস্তিযুদ্ধ, মল্লযুদ্ধ, পেংকাৰেচন (Pankaration- মুস্তিযুদ্ধ আৰু মল্লযুদ্ধ সংমিশ্ৰনেৰে এক সমৰ কলা) আৰু অশ্বাৰোহণ প্ৰতিযোগিতা পতা হৈছিল। এলিচ চহৰৰ এজন ৰান্ধনি, বাচক (Coroebus) প্ৰথম অলিম্পিক বিজয়ী বুলি জনা যায়।
অলিম্পিক মূলতঃ এক ধৰ্মীয় অনুস্থান আছিল, খেলৰ লগে লগে জিউচ (ফিডিয়াচে (Phidias)নিৰ্মাণ কৰা জিউচৰ বিখ্যাত মূৰ্তি অলিম্পিয়াৰ মন্দিৰত আছিল) আৰু পেলপচ (Pelops) (দৈৱ বীৰ আৰু লোককথাৰ মতে অলিম্পিয়াৰ ৰজা)ৰ সন্মানাৰ্থে বিধিবত উচৰ্গা অলিম্পিকৰ অংগ আছিল। পিচাটিচৰ (Pisatis)ৰজা অ'নেমাচৰ লগত হোৱা ৰথদৌৰ প্ৰতিযোগীতাৰ বাবে পেলপচ গ্ৰীক লোককথাৰ মহত্বপূৰ্ণ চৰিত্ৰ আছিল। অলিম্পক বিজয়ী সকলৰ মূৰ্তি সজাই, তেঁওলোকৰ নামত কবিতা ৰচনা কৰি সন্মান জনোৱাৰ লগতে তেঁওলোকৰ কৃতি চিৰস্থায়ী কৰাৰ প্ৰয়াস কৰা হৈছিল। এই খেল প্ৰতি চাৰি বছৰৰ পিছত পতা হৈছিল, আৰু এই সময়কালক এক অলিম্পিয়াড (Olympiad)’ বুলি কৈছিল; ‘অলিম্পিয়াডগ্ৰীকসকলে সময়ৰ জোখৰ এক একক হিচাপে ব্যৱহাৰ কৰিছিল। এই অলিম্পিক পেনহেলেনিক গেমচ (Panhellenic Games) নামৰ এক ক্ৰীড়া চক্ৰৰ অংশ আছিল, যত পাইথিয়ান গেমচ’(Pythian Games), নিমিন গেমচ(Nemean Games) আৰু ইস্থামিন গেমচো(Isthmian Games) অন্তৰ্ভুক্ত আছিল।
খ্ৰীষ্টপূৰ্ব পঞ্চম আৰু ষষ্ঠ শতিকাত অলিম্পিকে ইয়াৰ জনপ্ৰিয়তাৰ তথা উন্নতিৰ চৰম শিখৰ পাইছিলগৈ, কিন্তু লাহে লাহে গ্ৰীকসকলৰ ওপৰত ৰোমানসকলৰ প্ৰভুত্ব তথা প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে ই নিম্নগামী হবলৈ ধৰে। এই খেলবিধ কেতিয়া আধিকাৰিক ভাৱে বন্ধ কৰি দিয়া হল তাৰ কোনো বিজ্ঞানসন্মত সহমত পোৱা নেযায়, তথাপিও ৩৯৩ চনত সম্ৰাট থিঅচিয়াচ-১ (Theodosius I)’য়ে সকলো বিধৰ্মী প্ৰথা আৰু উপাসনা বন্ধ কৰিবলৈ ডিক্ৰী জাৰী কৰাকে অলিম্পিক বন্ধ হোৱাৰ কাৰণ বুলি ধৰা যায়। অৱশ্যে থিঅ'ডচিয়াচৰ ডিক্ৰীত অলম্পিক সম্পৰ্কে কোনো স্পষ্ট উল্লেখ পোৱা নেযায়(Crowther 2007, পৃষ্ঠা 54)। কোনো কোনোৱে আকৌ কব খোজে যে তেখেত পৰৱৰ্তী সম্ৰাট থিঅচিয়াচ-২’ (Theodosius II)’য়ে সকলো গ্ৰীক মন্দিৰ ধ্বংস কৰি পেলাবলৈ আদেশ দিয়ালৈকে অলিম্পিক চলি আছিল।

(অসমীয়া ৱিকিপিডিয়াৰ পৰা)

Monday, 25 February 2013

আমন্ত্ৰণ


অলিম্পিক


আধুনিক অলিম্পিক  হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠান সমূহৰ এটা। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দূটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়।বৰ্তমান অলিম্পিক দূবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্ট পূৰব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা প্ৰাচীন অলিম্পিকৰ ধাৰণাৰেই আধুনিক অলিম্পিক আৰম্ভ কৰা হয়। বাৰন পীয়েৰ ডে কুৱাৰ্টিনে ১৮৯৪ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (IOC) গঠন কৰে। তেতিয়াৰে পৰা IOC’য়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে।
বিংশ আৰু একবিংশ শতিকাৰ মাজেদি আহোঁতে আধুনিক অলিম্পিকৰ বহুবোৰ পৰিৱৰ্তন হ, এইবোৰৰ ভিতৰত শীত্কালত খেলা খেলসমূহ আৰু বৰফৰ খেলসমূহৰ বাবে শীত্কালীন অলিম্পিক, শৰিৰিক ভাবে অক্ষম লোক সকলৰ বাবে পাৰা অলিম্পিক আৰু চেমনীয়া সকলৰ বাবে যুৱ অলিম্পিক খেলৰ আধুনিক অলিম্পিকত অন্তৰ্ভূক্তি ঊল্লেখযোগ্য। তাৰোপৰি বিংশ শতিকাত IOCয়ে বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক আৰু কাৰিকৰী সত্যৰ লগত নিজকে খা খুৱাই লব লগা হল। ফলত অলিম্পিক ক্ৰীড়া কেৱল খেলুৱৈৰ হবি পূৰণৰ স্থলী হৈ নাথাকিল, পেচাগত খেলুৱৈৰ আগমন ঘটিল আধুনিক অলিম্পিকত। ১৯১৬, ১৯৪৯ আৰু ১৯৪৪ চনত বিশ্বযুদ্ধৰ বাবে অলিম্পিক অনুষ্ঠিত নহল। ১৯৮০ আৰু ১৯৮৪ চনত শীতল যুদ্ধ (Cold War ৰ বাবে বহুতো দেশে অলিম্পিক বৰ্জন কৰে।
একোখন অলিম্পিকত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহ (IFs), ৰাষ্ট্ৰীয় অলিম্পিক কমিতিসমূহ (NOCs) আৰু সেইখন অলিম্পিকৰ আয়োজক সমিতি প্ৰধানকৈ জড়িত থাকে। সিদ্ধান্ত গ্ৰহণকাৰী সন্থা হিচাপে IOCয়েই প্ৰতিখন অলিম্পিকৰ বাবে আয়োজনস্থলী (দেশ আৰু চহৰ) চিনাক্ত কৰে। আয়োজক চহৰ খন অলিম্পিক খেলসমূহৰ নিয়ম অনুসৰি অৰ্থসংগ্ৰহ আৰু আয়োজনৰ বাবে দায়বদ্ধ হয়। প্ৰতিখন অলিম্পিকত খেলাবলগীয়া খেলসমূহৰ সূচীও IOC'য়ে প্ৰস্তুত কৰে। অলিম্পিকৰ আয়োজনৰ কেতবোৰ ঊল্লেখযোগ্য অংগ হৈছে অলিম্পিক শিখা দৌৰ আৰু প্ৰজ্বলন, অলিম্পিকৰ পতাকা, অলিম্পিকৰ উদ্বোধণী আৰু সমৰণি অনুষ্ঠান ইত্যাদি। গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকত প্ৰায় ১৩,০০০ ক্ৰীড়াবিদে ৩৩বিধ খেলৰ প্ৰায় ৪০০ শাখা (ইভেন্ট)ত ভাগ লয়। প্ৰতিটো শাখাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান পোৱা প্ৰতিযোগীক ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে অলিম্পিকত পুৰষ্কৃত কৰা হয়।

বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই অলিম্পিকত ভাগ লয়। ই অলিম্পিক খেলসমূহ তীব্ৰ প্ৰতিদ্বন্দীতামূলক কৰি তোলাৰ লগতে আন কিছুমান প্ৰত্যহ্বানৰো সৃষ্টি কৰিছে যেনে বিতৰ্ক, খেলুৱৈৰ ড্ৰাগচৰ ব্যৱহাৰ (ডপিং), সন্ত্ৰাসবাদীৰ পৰা ভয় ইত্যাদি। প্ৰত্যেক দূবছৰৰ মূৰত অনুষ্ঠিত এই প্ৰতিযোগীতাই বহুতো অখ্যাত খেলুৱৈক ৰাষ্ট্ৰীয় আৰু বহুক্ষেত্ৰত আন্তঃজাৰ্তিক ক্ষেত্ৰত জনপ্ৰিয় কৰি তোলে। তাৰোপৰি অলিম্পিকে আয়োজক দেশ আৰু চহৰখনক নিজকে বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰে।

(অসমীয়া ৱিকিপিডিয়াৰ পৰা)