Monday, 25 February 2013
অলিম্পিক
আধুনিক অলিম্পিক
হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠান সমূহৰ এটা।
অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দূটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন
দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক
বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য
কৰা হয়।বৰ্তমান অলিম্পিক দূবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক
অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন
শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্ট পূৰব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ
অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা প্ৰাচীন অলিম্পিকৰ ধাৰণাৰেই আধুনিক অলিম্পিক আৰম্ভ
কৰা হয়। বাৰ’ন পীয়েৰ ডে কুৱাৰ্টিনে ১৮৯৪ চনত
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (IOC) গঠন কৰে। তেতিয়াৰে পৰা IOC’য়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে।
বিংশ আৰু একবিংশ
শতিকাৰ মাজেদি আহোঁতে আধুনিক অলিম্পিকৰ বহুবোৰ পৰিৱৰ্তন হ’ল, এইবোৰৰ ভিতৰত শীত্কালত খেলা খেলসমূহ আৰু বৰফৰ খেলসমূহৰ বাবে
শীত্কালীন অলিম্পিক, শৰিৰিক ভাবে অক্ষম লোক সকলৰ বাবে পাৰা
অলিম্পিক আৰু চেমনীয়া সকলৰ বাবে যুৱ অলিম্পিক খেলৰ আধুনিক অলিম্পিকত অন্তৰ্ভূক্তি
ঊল্লেখযোগ্য। তাৰোপৰি বিংশ শতিকাত IOCয়ে বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক আৰু কাৰিকৰী সত্যৰ লগত নিজকে খা খুৱাই ল’ব লগা হ’ল। ফলত অলিম্পিক ক্ৰীড়া কেৱল খেলুৱৈৰ হবি পূৰণৰ স্থলী হৈ নাথাকিল, পেচাগত খেলুৱৈৰ আগমন ঘটিল আধুনিক
অলিম্পিকত। ১৯১৬, ১৯৪৯ আৰু ১৯৪৪ চনত বিশ্বযুদ্ধৰ বাবে
অলিম্পিক অনুষ্ঠিত নহ’ল। ১৯৮০ আৰু ১৯৮৪ চনত শীতল যুদ্ধ (Cold War ৰ বাবে বহুতো দেশে অলিম্পিক বৰ্জন কৰে।
একোখন অলিম্পিকত
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহ (IFs), ৰাষ্ট্ৰীয় অলিম্পিক কমিতিসমূহ (NOCs) আৰু সেইখন অলিম্পিকৰ আয়োজক সমিতি প্ৰধানকৈ জড়িত থাকে। সিদ্ধান্ত
গ্ৰহণকাৰী সন্থা হিচাপে IOCয়েই প্ৰতিখন অলিম্পিকৰ বাবে
আয়োজনস্থলী (দেশ আৰু চহৰ) চিনাক্ত কৰে। আয়োজক চহৰ খন অলিম্পিক খেলসমূহৰ নিয়ম
অনুসৰি অৰ্থসংগ্ৰহ আৰু আয়োজনৰ বাবে দায়বদ্ধ হয়। প্ৰতিখন অলিম্পিকত খেলাবলগীয়া
খেলসমূহৰ সূচীও IOC'য়ে প্ৰস্তুত কৰে। অলিম্পিকৰ আয়োজনৰ
কেতবোৰ ঊল্লেখযোগ্য অংগ হৈছে অলিম্পিক শিখা দৌৰ আৰু প্ৰজ্বলন, অলিম্পিকৰ পতাকা, অলিম্পিকৰ উদ্বোধণী আৰু সমৰণি অনুষ্ঠান
ইত্যাদি। গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকত প্ৰায় ১৩,০০০ ক্ৰীড়াবিদে ৩৩বিধ খেলৰ প্ৰায় ৪০০
শাখা (ইভেন্ট)ত ভাগ লয়। প্ৰতিটো শাখাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান পোৱা
প্ৰতিযোগীক ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে অলিম্পিকত
পুৰষ্কৃত কৰা হয়।
বৰ্তমান পৃথিৱীৰ
প্ৰায় সকলো দেশেই অলিম্পিকত ভাগ লয়। ই অলিম্পিক খেলসমূহ তীব্ৰ
প্ৰতিদ্বন্দীতামূলক কৰি তোলাৰ লগতে আন কিছুমান প্ৰত্যহ্বানৰো সৃষ্টি কৰিছে যেনে
বিতৰ্ক, খেলুৱৈৰ ড্ৰাগচৰ ব্যৱহাৰ (ড’পিং), সন্ত্ৰাসবাদীৰ পৰা ভয় ইত্যাদি। প্ৰত্যেক দূবছৰৰ মূৰত অনুষ্ঠিত এই
প্ৰতিযোগীতাই বহুতো অখ্যাত খেলুৱৈক ৰাষ্ট্ৰীয় আৰু বহুক্ষেত্ৰত আন্তঃজাৰ্তিক
ক্ষেত্ৰত জনপ্ৰিয় কৰি তোলে। তাৰোপৰি অলিম্পিকে আয়োজক দেশ আৰু চহৰখনক নিজকে
বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰে।
Saturday, 23 February 2013
টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ পাতনি
অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মাঞ্চল সমূহৰ ভিতৰত
অন্যতম টিংখাং অঞ্চল। টিংখাং অঞ্চলৰ আকৌ ঘাইকৈ তেল খনন কাৰ্য্য চলোৱা এলেকা হল
শালমাৰী দীঘলীয়া গাওঁ। এই শালমাৰী দীঘলীয়াতেই ১৯৮৭ চনত জন্ম লাভ কৰিছিল বৰ্তমান
সমগ্ৰ অঞ্চলৰ অন্যতম তথা কৰ্মাদৰ্শত সৱল সামাজিক অনুষ্ঠান শালমাৰী দীঘলীয়া যুৱ
সংঘ।বৰ্তমান যুৱ প্ৰজন্মৰ উৎকৃষ্ট চিন্তাধাৰাৰ নিদৰ্শন দাঙি ধৰা
শালমাৰী দীঘলীয়া যুৱ সংঘই অঞ্চলটোৰ বিভিন্ন প্ৰগতিশীল চিন্তা চৰ্চা তথা গঠনমূলক
কৰ্ম সম্পাদনেৰে নিজকে নিয়োজিত কৰি ইতিমধ্যে সফলতা আৰু যথেষ্ঠ প্ৰতিষ্ঠা লাভ
কৰিছে।সংঘটোৱে অঞ্চলটোৰ সামূহিক উন্নয়ণত দি সংগ্ৰামৰত সময়তে অইল ইণ্ডিয়াইও সংঘটিৰ
সতে পাৰম্পৰিক সহযোগিতা গ্ৰহন কৰি অঞ্চলটোৰ সমাজ কল্যাণৰ দিশত যথেষ্ঠ পদক্ষেপ
গ্ৰহন কৰিছে।
অইলৰ এই কৰ্মৰাজিৰে অন্যতম নিদৰ্শন হিচাপে টিংখাং
অঞ্চলৰ তৈল খাদ এলেকা তথা নিকটবৰ্ত্তী অঞ্চল সমূহৰ গ্ৰাম্যাঞ্চল সমূহ সাঙুৰী লৈ এক
বৃহত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ২০০০ চনতে শালমাৰী দীঘলীয়া যুৱ সংঘৰ
অনুৰোধত অইল ইণ্ডিয়া বচনবদ্ধ হৈছিল।
শালমাৰী দীঘলীয়া যুৱ সংঘৰ সেই সময়ৰ অন্যতম মূখ্য
বিষয়ববীয়া শ্ৰীমনিমানিক গগৈ, শ্ৰীদিনেশ চেতীয়া আৰু শ্ৰীজীৱ চেতীয়াই বিশিষ্ট
ক্ৰীড়াবিদ তথা সংগঠক শ্ৰীহৰেণ ডেকাবৰুৱা আৰু শ্ৰীবসন্ত খনিকৰক সহযোগী হিচাপে লৈ ক্ৰীড়া
প্ৰতিযোগিতাখন অনুস্ঠিত কৰাৰ বাবে আচঁনি প্ৰস্তুত কৰি উলিয়ায়।তাৰপাছত অইলৰ
প্ৰতিনিধিৰ হৈতে এক ইতিবাচক আলোচনা অনুষ্ঠিত হয় আৰু সমগ্ৰ আচঁনিৰ দাবী কৰা হয়।
অইলৰ আশ্বাস মতে শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত এক ৰাজহুৱা সভাত (তাং
১১।১২।২০০০ চন)ক্ৰীড়া প্ৰতিযোগিতাখনি পতাৰ সকলো দিশ বিশদভাৱে আলোচনা কৰি এখন
সমিতি গঠন কৰা হয়। প্ৰতিযোগিতাখনি অইলৰ সহযোগত শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত
টিংখাঙকে আদি কৰি ৰাজগড়, লেঙেৰী, ধমন, চাচনী আদি অঞ্চলস্ঠিত উচ্চ মাধ্যমিক আৰু
মজলীয়া বিদ্যালয় সমূহক সাঙুৰী “টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ” নামেৰে নামাকৰণ কৰা
হয়।
Monday, 18 February 2013
Subscribe to:
Comments (Atom)

