Wednesday, 27 March 2013

ফাকুৱা উৎসৱ


ফাকুৱা ফাগুণ মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ৷ ফাকুৱাক দৌলোত্‍সৱ, ফল্গুত্‍সৱ, ফাগুৱা, ফাকু, মদনোত্‍সৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়৷ ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে৷

পৌৰাণিক আখ্যান
পোৰাণিক আখ্যানত এই দিনটোক 'কাম দহনৰ দিন' বুলি উল্লেখ কৰিছে৷ আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল৷ কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যত বিলীন হৈ আছিল৷ তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল৷ মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে৷ তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়৷ কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে৷
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলীকাক নিৰ্দেশ দিছিল৷ হোলীকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল৷ হোলীকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে৷ প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলীকাক স্মৰণ কৰিব৷ এই হোলীকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি৷ সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলীকাক দাহ কৰা হয়৷

উৎসৱৰ বিৱৰণ
ভাৰতৰ বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য-গীত গাই আনন্দ কৰে৷ উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে৷ ঠাইবিশেষে মানুহৰ ঘৰবোৰ ৰং কৰায়, ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাকুগুৰি আৰু ফুলেৰে সজাই তোলে৷

অসমৰ দৌল উৎসৱ
ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক "ফল্গুৎসৱ" বা "দৌল উৎসৱ" বোলা হয়৷ বৰপেটাত দৌলোত্‍সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক গোন্ধযাত্ৰাদ্বিতীয় দিনটোক ভৰ দেউলআৰু তাৰ পাছৰ দিনা সুঁৱেৰীবোলা হয়।
অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে৷ এই ফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়৷ অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল৷ দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮ শকত৷ সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে৷ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটাৰ দৌল উৎসৱ৷

(উৎস- অসমীয়া ৱিকিপিডিয়া)

Saturday, 23 March 2013

অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

 টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ সপ্তম বাৰ্ষিক অনুস্ঠান সেমেকা বতৰৰ মাজেৰে অনুস্ঠিত হয়। এই উপষ্ঠিত খেলুৱৈ, অতিথি আৰু অনান্যৰ তালিকা এনে ধৰণৰ:

স্ঠান-শালমাৰী দীঘলীয়া ক্ষুদ্ৰ গ্ৰাম্য ক্ৰীড়াঙ্গন
    দিনাংক- ইং ২২, ২৩ আৰু ২৪মাৰ্চ, ২০১৩ চন
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ২৮খন
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ-৫৩০ গৰাকী
    মুঠ ইভেণ্ট-  দলীয়-৮টা
          ব্যক্তিগত-৩৮টা
মূখ্য অতিথি- ডা. নিৰ্মল চাহেৱালা,  লেখক
           শ্ৰীযুত প্ৰশান্ত বৰকাকতি, কৰ্মচাৰী সম্পৰ্কৰক্ষী প্ৰবন্ধক,  অইল
           শ্ৰীযুত তৃদীপ হাজৰিকা,  জন সম্পৰ্কৰক্ষী প্ৰবন্ধক, অইল
           শ্ৰীযুত প্ৰমোদ দত্ত, সভাপতি, ডিব্ৰুগড় জিলা সাহিত্য সভা
           শ্ৰীযুত মুকুল কছাৰী, DRDA ডিব্ৰুগড়








Friday, 8 March 2013

## ভলীবল প্ৰশিক্ষণ শিবিৰ ##


শালমাৰী দীঘলীয়া যুৱ সংঘৰ উদ্যোগত অহা, ১০মাৰ্চ তাৰিখৰপৰা ১০ দিনীয়া ভলীবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে৷ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক সংঘৰ ক্ৰী‌ড়া বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনালো৷


Welcome to Tiongkhong Regional Rural Sports Meet (আমত্ৰণ)

page 1

page 2

page 3

page 4

Friday, 1 March 2013

প্ৰাচীন অলিম্পিক


প্ৰাচীন গ্ৰীচত গ্ৰীক দেৱতা জিউচ সন্মানাৰ্থে সেইসময়ৰ গ্ৰীচৰ চহৰ-প্ৰদেশ আৰু ৰাজ্যসমূহৰ অংশগ্ৰহণেৰে, অলিম্পিয়া (Olympia) নামে ঠাইত অনুষ্ঠিত কৰা এক ধৰ্মীয় তথা ক্ৰীড়া উৎসৱকে অলিম্পিক বুলি জনা যায়। এই উৎসৱত প্ৰধানকৈ এথেলেটিকচহে খেলা হৈছিল যদিও যুঁজ বাগৰ আৰু ৰথচালনা আদিৰ প্ৰতিযোগীতাও হৈছিল। সেই ক্ৰীড়া ত অংশ লোৱা চহৰ-প্ৰদেশ বিলাকৰ মাজৰ অভ্যন্তৰীণ যুদ্ধ বিগ্ৰহ খেল শেষ নোহোৱালৈকে স্থগিত ৰখা হৈছিল। প্ৰাচীন অলিম্পিকৰ আৰম্ভনি ৰহস্য আৰু লোককথাৰ কুঁৱলীৰে আবৃত। তেনে এক জনপ্ৰিয় লোককথাৰ মতে হাৰ্কিউলিচ আৰু তেঁওৰ পিতৃ জিউচ এই অলিম্পিকৰ জন্মদাতা। লোককথাটিৰ মতে হাৰ্কিউলিচেই এই খেল-উৎসৱৰ নাম অলিম্পিক" ৰাখে আৰু চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ পৰম্পৰাৰ অৰম্ভনি কৰে। হাৰ্কিউলিচে তেঁওৰ বাৰটা কঠিন কাম’(twelve labors) সম্পন্ন কৰি উঠাৰ পাছত জিউচৰ সন্মানাৰ্থে অলিম্পিক ষ্টেডিয়াম (Olympic Stadium)’ নিৰ্মান কৰে। এই কাম সম্পূৰ্ণ হোৱাৰ লগে হাৰ্কিউলিচে পোনে পোনে ২০০ খোজ আগবাঢ়ে আৰু অতিক্ৰম কৰা দুৰত্ব খিনিক এক ‍ষ্টেডিঅ’" (stadion)" বুলি নামাকৰণ কৰে, পিছলৈ এই ষ্টেডিঅন দুৰত্বৰ এক একক হিচাপে পৰিগণিত হয়। আন এটা লোককথাই এই খেল উৎসৱক প্ৰাচীন গ্ৰীচৰ অলিম্পিক যুদ্ধবিৰতিৰ ধাৰণাৰ লগত সন্বিবিষ্ট কৰিব খোজে। সি যি কি নহওক, অলিম্পকৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৭৭৬ ত হোৱা বুলি মানি লোৱা হয়;এই ধাৰণাৰ মূলতে অলিম্পিয়াত পোৱা এখন শিলালিপি যত খ্ৰীষ্টপূৰ্ব ৭৭৬ ত আৰম্ভ হৈ, প্ৰতি ৪ বছৰৰ মূৰে মূৰে অনুস্থিত হোৱা এক ভৰিদৌৰ প্ৰতিযোগিতাৰ বিজয়ী সকলৰ নাম খোদিত আছে। প্ৰাচীন অলিম্পিকত বিভিন্ন দৌৰ, পেণ্টাথলন (জাঁপ মৰা, ডিচকাচ, জেভেলিন, ভৰি-দৌৰ আৰু মল্লযুদ্ধ), মুস্তিযুদ্ধ, মল্লযুদ্ধ, পেংকাৰেচন (Pankaration- মুস্তিযুদ্ধ আৰু মল্লযুদ্ধ সংমিশ্ৰনেৰে এক সমৰ কলা) আৰু অশ্বাৰোহণ প্ৰতিযোগিতা পতা হৈছিল। এলিচ চহৰৰ এজন ৰান্ধনি, বাচক (Coroebus) প্ৰথম অলিম্পিক বিজয়ী বুলি জনা যায়।
অলিম্পিক মূলতঃ এক ধৰ্মীয় অনুস্থান আছিল, খেলৰ লগে লগে জিউচ (ফিডিয়াচে (Phidias)নিৰ্মাণ কৰা জিউচৰ বিখ্যাত মূৰ্তি অলিম্পিয়াৰ মন্দিৰত আছিল) আৰু পেলপচ (Pelops) (দৈৱ বীৰ আৰু লোককথাৰ মতে অলিম্পিয়াৰ ৰজা)ৰ সন্মানাৰ্থে বিধিবত উচৰ্গা অলিম্পিকৰ অংগ আছিল। পিচাটিচৰ (Pisatis)ৰজা অ'নেমাচৰ লগত হোৱা ৰথদৌৰ প্ৰতিযোগীতাৰ বাবে পেলপচ গ্ৰীক লোককথাৰ মহত্বপূৰ্ণ চৰিত্ৰ আছিল। অলিম্পক বিজয়ী সকলৰ মূৰ্তি সজাই, তেঁওলোকৰ নামত কবিতা ৰচনা কৰি সন্মান জনোৱাৰ লগতে তেঁওলোকৰ কৃতি চিৰস্থায়ী কৰাৰ প্ৰয়াস কৰা হৈছিল। এই খেল প্ৰতি চাৰি বছৰৰ পিছত পতা হৈছিল, আৰু এই সময়কালক এক অলিম্পিয়াড (Olympiad)’ বুলি কৈছিল; ‘অলিম্পিয়াডগ্ৰীকসকলে সময়ৰ জোখৰ এক একক হিচাপে ব্যৱহাৰ কৰিছিল। এই অলিম্পিক পেনহেলেনিক গেমচ (Panhellenic Games) নামৰ এক ক্ৰীড়া চক্ৰৰ অংশ আছিল, যত পাইথিয়ান গেমচ’(Pythian Games), নিমিন গেমচ(Nemean Games) আৰু ইস্থামিন গেমচো(Isthmian Games) অন্তৰ্ভুক্ত আছিল।
খ্ৰীষ্টপূৰ্ব পঞ্চম আৰু ষষ্ঠ শতিকাত অলিম্পিকে ইয়াৰ জনপ্ৰিয়তাৰ তথা উন্নতিৰ চৰম শিখৰ পাইছিলগৈ, কিন্তু লাহে লাহে গ্ৰীকসকলৰ ওপৰত ৰোমানসকলৰ প্ৰভুত্ব তথা প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে ই নিম্নগামী হবলৈ ধৰে। এই খেলবিধ কেতিয়া আধিকাৰিক ভাৱে বন্ধ কৰি দিয়া হল তাৰ কোনো বিজ্ঞানসন্মত সহমত পোৱা নেযায়, তথাপিও ৩৯৩ চনত সম্ৰাট থিঅচিয়াচ-১ (Theodosius I)’য়ে সকলো বিধৰ্মী প্ৰথা আৰু উপাসনা বন্ধ কৰিবলৈ ডিক্ৰী জাৰী কৰাকে অলিম্পিক বন্ধ হোৱাৰ কাৰণ বুলি ধৰা যায়। অৱশ্যে থিঅ'ডচিয়াচৰ ডিক্ৰীত অলম্পিক সম্পৰ্কে কোনো স্পষ্ট উল্লেখ পোৱা নেযায়(Crowther 2007, পৃষ্ঠা 54)। কোনো কোনোৱে আকৌ কব খোজে যে তেখেত পৰৱৰ্তী সম্ৰাট থিঅচিয়াচ-২’ (Theodosius II)’য়ে সকলো গ্ৰীক মন্দিৰ ধ্বংস কৰি পেলাবলৈ আদেশ দিয়ালৈকে অলিম্পিক চলি আছিল।

(অসমীয়া ৱিকিপিডিয়াৰ পৰা)