Wednesday, 27 March 2013
Saturday, 23 March 2013
অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ
অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ
টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ সপ্তম বাৰ্ষিক অনুস্ঠান সেমেকা বতৰৰ মাজেৰে অনুস্ঠিত হয়। এই উপষ্ঠিত খেলুৱৈ, অতিথি আৰু অনান্যৰ তালিকা এনে ধৰণৰ:
স্ঠান-শালমাৰী দীঘলীয়া ক্ষুদ্ৰ গ্ৰাম্য
ক্ৰীড়াঙ্গন
দিনাংক- ইং ২২, ২৩ আৰু ২৪মাৰ্চ, ২০১৩ চন
মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ২৮খন
মুঠ
অংশ গ্ৰহণকাৰী খেলুৱৈ-৫৩০ গৰাকী
মুঠ
ইভেণ্ট- দলীয়-৮টা
ব্যক্তিগত-৩৮টা
মূখ্য অতিথি- ডা. নিৰ্মল চাহেৱালা, লেখক
শ্ৰীযুত প্ৰশান্ত বৰকাকতি, কৰ্মচাৰী সম্পৰ্কৰক্ষী
প্ৰবন্ধক, অইল
শ্ৰীযুত তৃদীপ হাজৰিকা, জন সম্পৰ্কৰক্ষী প্ৰবন্ধক, অইল
শ্ৰীযুত প্ৰমোদ দত্ত, সভাপতি, ডিব্ৰুগড় জিলা
সাহিত্য সভা
শ্ৰীযুত মুকুল কছাৰী, DRDA ডিব্ৰুগড়
Friday, 8 March 2013
Friday, 1 March 2013
প্ৰাচীন অলিম্পিক
প্ৰাচীন গ্ৰীচত গ্ৰীক দেৱতা জিউচ
সন্মানাৰ্থে সেইসময়ৰ গ্ৰীচৰ চহৰ-প্ৰদেশ আৰু ৰাজ্যসমূহৰ অংশগ্ৰহণেৰে, অলিম্পিয়া
(Olympia) নামে ঠাইত অনুষ্ঠিত কৰা এক ধৰ্মীয় তথা ক্ৰীড়া উৎসৱকে অলিম্পিক বুলি
জনা যায়। এই উৎসৱত প্ৰধানকৈ এথেলেটিকচহে খেলা হৈছিল যদিও যুঁজ বাগৰ আৰু ৰথচালনা
আদিৰ প্ৰতিযোগীতাও হৈছিল। সেই ক্ৰীড়া ত অংশ লোৱা চহৰ-প্ৰদেশ বিলাকৰ মাজৰ
অভ্যন্তৰীণ যুদ্ধ বিগ্ৰহ খেল শেষ নোহোৱালৈকে স্থগিত ৰখা হৈছিল। প্ৰাচীন অলিম্পিকৰ আৰম্ভনি ৰহস্য আৰু লোককথাৰ কুঁৱলীৰে আবৃত। তেনে এক জনপ্ৰিয় লোককথাৰ মতে হাৰ্কিউলিচ আৰু তেঁওৰ পিতৃ জিউচ এই
অলিম্পিকৰ জন্মদাতা। লোককথাটিৰ মতে হাৰ্কিউলিচেই এই
খেল-উৎসৱৰ নাম “ অলিম্পিক" ৰাখে আৰু চাৰি বছৰৰ মূৰে মূৰে
অনুষ্ঠিত কৰাৰ পৰম্পৰাৰ অৰম্ভনি কৰে। হাৰ্কিউলিচে
তেঁওৰ ‘বাৰটা কঠিন কাম’(twelve labors) সম্পন্ন কৰি
উঠাৰ পাছত জিউচৰ সন্মানাৰ্থে ‘অলিম্পিক ষ্টেডিয়াম (Olympic
Stadium)’ নিৰ্মান কৰে। এই কাম সম্পূৰ্ণ হোৱাৰ লগে হাৰ্কিউলিচে পোনে পোনে ২০০
খোজ আগবাঢ়ে আৰু অতিক্ৰম কৰা দুৰত্ব খিনিক এক ‘ ষ্টেডিঅ’ন’"
(stadion)" বুলি নামাকৰণ কৰে, পিছলৈ এই ষ্টেডিঅ’ন
দুৰত্বৰ এক একক হিচাপে পৰিগণিত হয়। আন এটা লোককথাই এই খেল উৎসৱক প্ৰাচীন গ্ৰীচৰ ‘অলিম্পিক
যুদ্ধবিৰতি’ৰ ধাৰণাৰ লগত সন্বিবিষ্ট কৰিব খোজে। সি যি কি নহওক, অলিম্পকৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৭৭৬ ত
হোৱা বুলি মানি লোৱা হয়;এই ধাৰণাৰ মূলতে অলিম্পিয়াত পোৱা এখন
শিলালিপি য’ত খ্ৰীষ্টপূৰ্ব ৭৭৬ ত আৰম্ভ হৈ, প্ৰতি
৪ বছৰৰ মূৰে মূৰে অনুস্থিত হোৱা এক ভৰিদৌৰ প্ৰতিযোগিতাৰ বিজয়ী সকলৰ নাম খোদিত আছে।
প্ৰাচীন অলিম্পিকত বিভিন্ন দৌৰ, পেণ্টাথলন (জাঁপ মৰা, ডিচকাচ,
জেভেলিন, ভৰি-দৌৰ আৰু মল্লযুদ্ধ), মুস্তিযুদ্ধ,
মল্লযুদ্ধ, পেংকাৰেচন (Pankaration- মুস্তিযুদ্ধ
আৰু মল্লযুদ্ধ সংমিশ্ৰনেৰে এক সমৰ কলা) আৰু অশ্বাৰোহণ প্ৰতিযোগিতা পতা হৈছিল। এলিচ
চহৰৰ এজন ৰান্ধনি, ক’ৰ’বাচক (Coroebus)
প্ৰথম অলিম্পিক বিজয়ী বুলি জনা যায়।
অলিম্পিক মূলতঃ এক ধৰ্মীয় অনুস্থান
আছিল, খেলৰ লগে লগে জিউচ (ফিডিয়াচে (Phidias)নিৰ্মাণ কৰা
জিউচৰ বিখ্যাত মূৰ্তি অলিম্পিয়াৰ মন্দিৰত আছিল) আৰু পেলপচ (Pelops) (দৈৱ
বীৰ আৰু লোককথাৰ মতে অলিম্পিয়াৰ ৰজা)ৰ সন্মানাৰ্থে বিধিবত উচৰ্গা অলিম্পিকৰ অংগ
আছিল। পিচাটিচৰ (Pisatis)ৰজা অ'নেমাচৰ লগত হোৱা
ৰথদৌৰ প্ৰতিযোগীতাৰ বাবে পেলপচ গ্ৰীক লোককথাৰ মহত্বপূৰ্ণ চৰিত্ৰ আছিল। অলিম্পক বিজয়ী সকলৰ মূৰ্তি সজাই, তেঁওলোকৰ নামত
কবিতা ৰচনা কৰি সন্মান জনোৱাৰ লগতে তেঁওলোকৰ কৃতি চিৰস্থায়ী কৰাৰ প্ৰয়াস কৰা
হৈছিল। এই খেল প্ৰতি চাৰি বছৰৰ পিছত পতা হৈছিল,
আৰু এই সময়কালক এক ‘ অলিম্পিয়াড (Olympiad)’ বুলি
কৈছিল; ‘অলিম্পিয়াড’ গ্ৰীকসকলে সময়ৰ জোখৰ এক একক হিচাপে
ব্যৱহাৰ কৰিছিল। এই অলিম্পিক “ পেনহেলেনিক গেমচ (Panhellenic
Games) নামৰ এক ক্ৰীড়া চক্ৰৰ অংশ আছিল, যত “পাইথিয়ান
গেমচ’(Pythian Games), নিমি’ন গেমচ(Nemean Games) আৰু
ইস্থামিন গেমচো(Isthmian Games) অন্তৰ্ভুক্ত আছিল।
খ্ৰীষ্টপূৰ্ব পঞ্চম আৰু ষষ্ঠ শতিকাত
অলিম্পিকে ইয়াৰ জনপ্ৰিয়তাৰ তথা উন্নতিৰ চৰম শিখৰ পাইছিলগৈ, কিন্তু
লাহে লাহে গ্ৰীকসকলৰ ওপৰত ৰোমানসকলৰ প্ৰভুত্ব তথা প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে ই
নিম্নগামী হবলৈ ধৰে। এই খেলবিধ কেতিয়া আধিকাৰিক ভাৱে বন্ধ কৰি দিয়া হ’ল
তাৰ কোনো বিজ্ঞানসন্মত সহমত পোৱা নেযায়, তথাপিও ৩৯৩ চনত সম্ৰাট থিঅ’ড’চিয়াচ-১
(Theodosius I)’য়ে সকলো বিধৰ্মী প্ৰথা আৰু উপাসনা বন্ধ কৰিবলৈ
ডিক্ৰী জাৰী কৰাকে অলিম্পিক বন্ধ হোৱাৰ কাৰণ বুলি ধৰা যায়। অৱশ্যে থিঅ'ডচিয়াচৰ
ডিক্ৰীত অলম্পিক সম্পৰ্কে কোনো স্পষ্ট উল্লেখ পোৱা নেযায়(Crowther 2007, পৃষ্ঠা
54)। কোনো কোনোৱে আকৌ ক’ব খোজে যে তেখেত পৰৱৰ্তী সম্ৰাট “
থিঅ’ড’চিয়াচ-২’ (Theodosius II)’য়ে
সকলো গ্ৰীক মন্দিৰ ধ্বংস কৰি পেলাবলৈ আদেশ দিয়ালৈকে অলিম্পিক চলি আছিল।
(অসমীয়া ৱিকিপিডিয়াৰ পৰা)
Monday, 25 February 2013
অলিম্পিক
আধুনিক অলিম্পিক
হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠান সমূহৰ এটা।
অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দূটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন
দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক
বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য
কৰা হয়।বৰ্তমান অলিম্পিক দূবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক
অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন
শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্ট পূৰব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ
অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা প্ৰাচীন অলিম্পিকৰ ধাৰণাৰেই আধুনিক অলিম্পিক আৰম্ভ
কৰা হয়। বাৰ’ন পীয়েৰ ডে কুৱাৰ্টিনে ১৮৯৪ চনত
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (IOC) গঠন কৰে। তেতিয়াৰে পৰা IOC’য়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে।
বিংশ আৰু একবিংশ
শতিকাৰ মাজেদি আহোঁতে আধুনিক অলিম্পিকৰ বহুবোৰ পৰিৱৰ্তন হ’ল, এইবোৰৰ ভিতৰত শীত্কালত খেলা খেলসমূহ আৰু বৰফৰ খেলসমূহৰ বাবে
শীত্কালীন অলিম্পিক, শৰিৰিক ভাবে অক্ষম লোক সকলৰ বাবে পাৰা
অলিম্পিক আৰু চেমনীয়া সকলৰ বাবে যুৱ অলিম্পিক খেলৰ আধুনিক অলিম্পিকত অন্তৰ্ভূক্তি
ঊল্লেখযোগ্য। তাৰোপৰি বিংশ শতিকাত IOCয়ে বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক আৰু কাৰিকৰী সত্যৰ লগত নিজকে খা খুৱাই ল’ব লগা হ’ল। ফলত অলিম্পিক ক্ৰীড়া কেৱল খেলুৱৈৰ হবি পূৰণৰ স্থলী হৈ নাথাকিল, পেচাগত খেলুৱৈৰ আগমন ঘটিল আধুনিক
অলিম্পিকত। ১৯১৬, ১৯৪৯ আৰু ১৯৪৪ চনত বিশ্বযুদ্ধৰ বাবে
অলিম্পিক অনুষ্ঠিত নহ’ল। ১৯৮০ আৰু ১৯৮৪ চনত শীতল যুদ্ধ (Cold War ৰ বাবে বহুতো দেশে অলিম্পিক বৰ্জন কৰে।
একোখন অলিম্পিকত
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহ (IFs), ৰাষ্ট্ৰীয় অলিম্পিক কমিতিসমূহ (NOCs) আৰু সেইখন অলিম্পিকৰ আয়োজক সমিতি প্ৰধানকৈ জড়িত থাকে। সিদ্ধান্ত
গ্ৰহণকাৰী সন্থা হিচাপে IOCয়েই প্ৰতিখন অলিম্পিকৰ বাবে
আয়োজনস্থলী (দেশ আৰু চহৰ) চিনাক্ত কৰে। আয়োজক চহৰ খন অলিম্পিক খেলসমূহৰ নিয়ম
অনুসৰি অৰ্থসংগ্ৰহ আৰু আয়োজনৰ বাবে দায়বদ্ধ হয়। প্ৰতিখন অলিম্পিকত খেলাবলগীয়া
খেলসমূহৰ সূচীও IOC'য়ে প্ৰস্তুত কৰে। অলিম্পিকৰ আয়োজনৰ
কেতবোৰ ঊল্লেখযোগ্য অংগ হৈছে অলিম্পিক শিখা দৌৰ আৰু প্ৰজ্বলন, অলিম্পিকৰ পতাকা, অলিম্পিকৰ উদ্বোধণী আৰু সমৰণি অনুষ্ঠান
ইত্যাদি। গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকত প্ৰায় ১৩,০০০ ক্ৰীড়াবিদে ৩৩বিধ খেলৰ প্ৰায় ৪০০
শাখা (ইভেন্ট)ত ভাগ লয়। প্ৰতিটো শাখাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান পোৱা
প্ৰতিযোগীক ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে অলিম্পিকত
পুৰষ্কৃত কৰা হয়।
বৰ্তমান পৃথিৱীৰ
প্ৰায় সকলো দেশেই অলিম্পিকত ভাগ লয়। ই অলিম্পিক খেলসমূহ তীব্ৰ
প্ৰতিদ্বন্দীতামূলক কৰি তোলাৰ লগতে আন কিছুমান প্ৰত্যহ্বানৰো সৃষ্টি কৰিছে যেনে
বিতৰ্ক, খেলুৱৈৰ ড্ৰাগচৰ ব্যৱহাৰ (ড’পিং), সন্ত্ৰাসবাদীৰ পৰা ভয় ইত্যাদি। প্ৰত্যেক দূবছৰৰ মূৰত অনুষ্ঠিত এই
প্ৰতিযোগীতাই বহুতো অখ্যাত খেলুৱৈক ৰাষ্ট্ৰীয় আৰু বহুক্ষেত্ৰত আন্তঃজাৰ্তিক
ক্ষেত্ৰত জনপ্ৰিয় কৰি তোলে। তাৰোপৰি অলিম্পিকে আয়োজক দেশ আৰু চহৰখনক নিজকে
বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰে।
Subscribe to:
Posts (Atom)











